আলি আয়ে লৃগাং
'আমাৰ মিচিং সমাজৰ আলি আঃয়ে লৃগাং’
- আলি আঃয়ে লৃগাং ৰ অৰ্থ এনেদৰে দেখুৱাব পাৰি যে ‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা বীজ, ‘আঃয়ে’ মানে গছৰ গুটি বা ফল-মূল, ‘লৃগাং’ মানে সিঁচা বা সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ পথাৰত শস্য সিঁচাৰ প্ৰথম দিন ।
- ই হʼল মিচিং সকলৰ উল্লেখযোগ্য সামাজিক উৎসৱ । এই উৎসৱ প্ৰতিবছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় । মিচিং মানুহ সকলে ফাগুনৰ প্ৰথম বুধবাৰৰ দিনটোক লক্ষ্মীৰ দিনৰূপে গণ্য কৰে । এই দিনাৰ পৰাই মিচিং গীত সমূহত ৰাজহুৱাভাৱে বা ব্যক্তিগতভাৱে পথাৰত আহুধানৰ বীজ সিঁচাৰ কাম আৰম্ভ কৰে । এই উপলক্ষে সামূহিক ভাবে গাওঁ বোৰত পাঁচদিন ধৰি লৃগাং উৎসৱ পালন কৰা হয় । উৎসৱৰ পাঁচোটা দিনতে প্ৰত্যেক ঘৰৰ ডেকা-গাভৰু সকলে ঢোল, পেঁপা, গগনা, বৰকাঁহ, তাল আদি বজাই গুমৰাগ নৃত্য নাচে । বিশ্বাস প্ৰচলিত আছে যে, লৃগাং উৎসৱত গুমৰাগ নাচ নানাচিলে, বৰকাঁহ নবজালে বৰষুণ নহয় । পথাৰত সিঁচা বীজবোৰ অংকুৰিত নহয় ।
- এই উৎসৱটি পালন কৰিবলৈ প্ৰথমে কেইটামান বস্তুৰ অবশ্যক হয় - এইবোৰ হ'ল পিঃৰঃ আমৃং অৰ্থাৎ মেগেলা বন, পোৰাং আপিন অৰ্থাৎ তৰাপাতত বন্ধা বৰা চাউলৰ ভাত, পঃৰঃ আপং অৰ্থাৎ ছাই মদ, মাছ আৰু গাহৰি মাংস আদি । সেইবোৰ বস্তু প্ৰস্তুত কৰাৰ পিছত ইষ্ট-দেৱতা অৰ্থাৎ ‘দঞি-পঃল’, ‘চেদী-মেল’, ‘কাৰ্চিং-কাৰ্দাং’ আৰু উপৰিপুৰুষ সকলক পূজা কৰা হয় আৰু আশীৰ্বাদ বিচৰা হয় ।
‘আলি আঃয়ে লৃগাং’ বিহুটো আমাৰ মিচিং সমাজৰ প্ৰাণ । মিচিং জাতিৰ আত্মা, জীয়াই থকাৰ চিৰন্তন আনন্দ, ইয়াক এৰি মিচিং সমাজে আন একো কথা ভাবিব নোৱাৰে ।।



Comments
Post a Comment